গোলাঘাট জিলাৰ উল্লেখযোগ্য অসমীয়া মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান তেলগৰমস্থিত শংকৰদেৱ শিশু নিকেতনৰ একবিংশতিতম প্ৰতিষ্ঠা দিৱস যোৱা ১৫ মাৰ্চত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি লক্ষ্যজীত শইকীয়াই পুৱা অনুষ্ঠানৰ পতাকা উত্তোলন কৰে।
স্মৃতি তৰ্পন কৰে নিকেতনৰ প্ৰধান আচাৰ্যা ৰূমামণি শইকীয়াই। স্থানীয় বিশিষ্ট শিক্ষাবিদ , ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষক তিতাৰাম দাসে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে। পুৱাৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে নাট্যকাৰ কবি অমৰ শৰ্মাই। বিশিষ্ট সাংবাদিক সমাজকৰ্মী হেমন্ত শইকীয়াই বন্তি প্ৰজ্বলন কৰে আৰু নিকেতনৰ আচাৰ্য আচাৰ্যা সকলে বন্দনা পৰিবেশ কৰে। বিশিষ্ট শিক্ষক সমাজকৰ্মী জিতেন কুমাৰ শইকীয়াই প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে।
ৰঙ্গমঞ্চ তেলগৰমত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰে নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন বিভাগৰ মুখ্য প্ৰৱন্ধক শৰ্মিষ্ঠা দত্ত শইকীয়াই। নিকেতনৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা পৰিবেশ কৰা হয় কোৰাছ। বৰগীত লোকগীত পৰিবেশৰ লগতে কবি কৌস্তভমণি শইকীয়াৰ শান্তি তৃষ্ণা কবিতাৰ আধাৰত দলীয় উপস্থাপন কৰা হয়। অংকুৰ আৰু মুকুল শ্ৰেণীৰ নৃত্য, প্ৰথম শ্ৰেণীৰ পৰম্পৰাগত সাজপাৰ প্ৰদৰ্শন, দ্বিতীয় শ্ৰেণীৰ দলীয় নৃত্য, সত্ৰীয়া নৃত্য, ভূপেন্দ্ৰ সংগীতৰ আধাৰত নৃত্য, লোক সাংস্কৃতিক নৃত্য, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ দলীয় নৃত্য, হুঁচৰি পৰিবেশন, লগতে যোগ ব্যায়াম আৰু শাৰীৰিক প্ৰদৰ্শন কৰা হয়।
অনুষ্ঠানত জিতুল ফুকনৰ পৰিচালনাত বগলী বগা ফোট দি যা নাটক মঞ্চস্থ কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা নিকেতনৰ আচাৰ্য আচাৰ্যা সকলক সামূহিক সম্বৰ্ধনাৰ লগতে প্ৰতিটো শ্ৰেণীত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত আৰু নিম্ন শাখা আৰু উচ্চ শাখাৰ সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। মৃদুল ফুকনে আঁত ধৰা অনুষ্ঠানত সাংবাদিক বিনন ফুকন, সমাজকৰ্মী প্ৰনামিকা দত্ত, নিকেতনৰ শিক্ষক, অভিভাৱক, স্থানীয় ৰাইজৰ লগতে বহু লোক উপস্থিত থাকে।