মাতৃভাষাৰ মাধ্যমত গুণগত তথা মূল্য আধাৰিত শিক্ষা প্ৰদানৰ জৰিয়তে নতুন প্ৰজন্মক সংস্কাৰিত কৰাৰ মানসেৰে ১৯৯৭ চনতে স্থাপিত হোৱা শংকৰদেৱ শিশু নিকেতন, অভয়াপুৰীয়ে নিজৰ গৌৰৱোজ্জ্বল পঁছিশটা বছৰ সম্পূৰ্ণ কৰিবলৈ গৈ আছে। এই উপলক্ষে এলানি কাৰ্যসূচীৰে এই বৰ্ষটো উদযাপন কৰাৰ পৰিকল্পনাৰে যোৱা ইংৰাজী ২৮ জানুৱাৰী ২০২১ তাৰিখে নিকেতনে ৰূপালী জয়ন্তী শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰে।
পুৱাৰ ভাগত অভয়াপুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰৱক্তা সুৰেন্দ্ৰ চন্দ্ৰ শৰণীয়াৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। স্মৃতি তর্পণ কৰে ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত বিশিষ্ট নাগৰিক উদয় দাসে। অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি ২৫ খন পতাকা উত্তোলন কৰা হয়।
মূল পতাকাখন উত্তোলন কৰে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি বিজয় চন্দ্ৰ ভাগৱতীয়ে। উত্তৰ শালমৰা মহকুমাৰ মহকুমাধিপতি কমল বৰুৱাই গছ পুলি ৰোপণ কৰে। এই উপলক্ষে অভয়াপুৰী চহৰৰ মজেৰে এক বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। শোভাযাত্ৰা উদ্বোধন কৰে আন্তৰ্জাতিক খ্যাতি প্ৰাপ্ত খেলুৱৈ ৰাণী ব্ৰহ্ম আৰু শিল্পী পেঞ্চনাৰ ধৰণী বাণিক্যই।