
দুটা বৰ্ষৰ সফলতাৰ পিছত শংকৰদেৱ শিক্ষা আৰু গৱেষণা ফাউণ্ডেছনে আয়োজন কৰিব তৃতীয় বাৰ্ষিক প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ। ১৪ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ গুৱাহাটী পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত এই সাহিত্যৰ মহামেলা অনুষ্ঠিত হ’ব।
উৎসৱৰ আয়োজন সফলভাৱে সম্পন্ন কৰিবলৈ এখন শক্তিশালী আয়োজক সমিতি গঠন কৰা হৈছে। ইয়াত সভাপতি হিচাপে প্ৰথিতযশা সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, কাৰ্যকৰী সভাপতি হিচাপে বিশিষ্ট প্ৰকৃতিবিদ সৌম্যদীপ দত্ত আৰু সাধাৰণ সম্পাদক হিচাপে যুৱ সাহিত্যকৰ্মী বিক্ৰম কলিতাক নিৰ্বাচিত কৰা হৈছে।
সাহিত্য বঁটা ঘোষণা
এইবাৰো, বিগত বছৰৰ দৰে, প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা প্ৰদান কৰা হ’ব। এজন প্ৰতিষ্ঠিত সাহিত্যিক আৰু এজন উদীয়মান সাহিত্যিকক এই বঁটাৰে সন্মানিত কৰা হ’ব। ২০২৩ চনত ‘শিপাৰ সন্ধানত’ মূল মন্ত্ৰৰে আৰম্ভ হোৱা এই উৎসৱ আজি অসমৰ সাহিত্য জগতৰ বাবে এক অনন্য সংযোজন হিচাপে পৰিগণিত হৈছে।
উৎসৱৰ উদ্দেশ্য
প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ মূল লক্ষ্য হৈছে সাহিত্য চৰ্চাৰ মাজেৰে বৌদ্ধিক উৎকৰ্ষ সাধন, সমাজত মষিমূৰ হোৱা নেতিবাচক ধাৰণাসমূহ দূৰ কৰি উত্তৰ প্ৰজন্মৰ মাজত সুস্থ চিন্তাধাৰা বোৱাই দিয়া।
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণ
তিনিদিনীয়া এই উৎসৱত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু প্ৰসিদ্ধ সাহিত্যিক, চিন্তাবিদ, কবি, নিৱন্ধকাৰ আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্যৰ পুৰোধা ব্যক্তিসকল অংশগ্ৰহণ কৰিব। সাহিত্য অনুৰাগীৰ বাবে এই উৎসৱ হ’ব এক বিৰল অনুভৱ।