প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ ২০২৫ : ১৪ নৱেম্বৰৰ পৰা কলাক্ষেত্ৰ প্ৰাংগনত সাহিত্যৰ মহামেলা

দুটা বৰ্ষৰ সফলতাৰ পিছত শংকৰদেৱ শিক্ষা আৰু গৱেষণা ফাউণ্ডেছনে আয়োজন কৰিব তৃতীয় বাৰ্ষিক প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ। ১৪ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ গুৱাহাটী পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত এই সাহিত্যৰ মহামেলা অনুষ্ঠিত হ’ব।

উৎসৱৰ আয়োজন সফলভাৱে সম্পন্ন কৰিবলৈ এখন শক্তিশালী আয়োজক সমিতি গঠন কৰা হৈছে। ইয়াত সভাপতি হিচাপে প্ৰথিতযশা সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, কাৰ্যকৰী সভাপতি হিচাপে বিশিষ্ট প্ৰকৃতিবিদ সৌম্যদীপ দত্ত আৰু সাধাৰণ সম্পাদক হিচাপে যুৱ সাহিত্যকৰ্মী বিক্ৰম কলিতাক নিৰ্বাচিত কৰা হৈছে।

সাহিত্য বঁটা ঘোষণা

এইবাৰো, বিগত বছৰৰ দৰে, প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা প্ৰদান কৰা হ’ব। এজন প্ৰতিষ্ঠিত সাহিত্যিক আৰু এজন উদীয়মান সাহিত্যিকক এই বঁটাৰে সন্মানিত কৰা হ’ব। ২০২৩ চনত ‘শিপাৰ সন্ধানত’ মূল মন্ত্ৰৰে আৰম্ভ হোৱা এই উৎসৱ আজি অসমৰ সাহিত্য জগতৰ বাবে এক অনন্য সংযোজন হিচাপে পৰিগণিত হৈছে।

উৎসৱৰ উদ্দেশ্য

প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ মূল লক্ষ্য হৈছে সাহিত্য চৰ্চাৰ মাজেৰে বৌদ্ধিক উৎকৰ্ষ সাধন, সমাজত মষিমূৰ হোৱা নেতিবাচক ধাৰণাসমূহ দূৰ কৰি উত্তৰ প্ৰজন্মৰ মাজত সুস্থ চিন্তাধাৰা বোৱাই দিয়া।

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণ

তিনিদিনীয়া এই উৎসৱত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু প্ৰসিদ্ধ সাহিত্যিক, চিন্তাবিদ, কবি, নিৱন্ধকাৰ আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্যৰ পুৰোধা ব্যক্তিসকল অংশগ্ৰহণ কৰিব। সাহিত্য অনুৰাগীৰ বাবে এই উৎসৱ হ’ব এক বিৰল অনুভৱ।

Related Posts

অসম প্ৰকাশন ভাৰতীৰ বার্ষিক সাধাৰণ সভা সম্পন্ন

গুৱাহাটী, ৪ ছেপ্তেম্বৰ,২০২৫ অসম প্ৰকাশন ভাৰতীৰ ২০২৪-২৫ বৰ্ষৰ বার্ষিক সাধাৰণ সভাখন আজি অসম প্ৰকাশন ভাৰতীৰ সভাগৃহত অনুষ্ঠিত হয়। সভাখনত সভাপতিত্বত কৰে স্থায়ী সভাপতি ড° সুশীল কুমাৰ শৰ্মাই। বন্তি প্ৰজ্জ্বলনৰ পিছত…

Annual General Meeting of Shankardev Education and Research Foundation Concludes

Guwahati, June 22, 2025:The Annual General Meeting of Shankardev Education and Research Foundation, the patron organization of Pragjyotishpur University, was held on June 22, 2025. Established in 2021, the institute…

You Missed

पूर्वोत्तर शिक्षा सम्मेलन 2.0 और प्रागज्योतिषपुर विश्वविद्यालय स्थापना दिवस गुवाहाटी में होगा आयोजित

पूर्वोत्तर शिक्षा सम्मेलन 2.0 और प्रागज्योतिषपुर विश्वविद्यालय स्थापना दिवस गुवाहाटी में होगा आयोजित

Sapta Shakti Sangam organized at Donyi Polo Vidya Niketan, Pasighat

Sapta Shakti Sangam organized at Donyi Polo Vidya Niketan, Pasighat

राष्ट्रीय ताइक्वांडो प्रतियोगिता में पूर्वोत्तर क्षेत्र की शानदार सफलता

राष्ट्रीय ताइक्वांडो प्रतियोगिता में पूर्वोत्तर क्षेत्र की शानदार सफलता

প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ ২০২৫ : ১৪ নৱেম্বৰৰ পৰা কলাক্ষেত্ৰ প্ৰাংগনত সাহিত্যৰ মহামেলা

প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ ২০২৫ : ১৪ নৱেম্বৰৰ পৰা কলাক্ষেত্ৰ প্ৰাংগনত সাহিত্যৰ মহামেলা

सरस्वती शिशु मन्दिर से निकले छात्र समाज का नेतृत्व कर रहे : मुख्यमंत्री योगी आदित्यनाथ

सरस्वती शिशु मन्दिर से निकले छात्र समाज का नेतृत्व कर रहे : मुख्यमंत्री योगी आदित्यनाथ

काजीरंगा में गणित मेला सम्पन्न

काजीरंगा में गणित मेला सम्पन्न