hacklink al hack forum organik hit film izle sahabetextrabetcasibomcasibomvdcasino girişmeritkingonwinonwinmadridbetroyalbetholiganbetkingroyalkingroyal

বিদ্যাভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ যোগাসনৰ বিশেষ প্ৰশিক্ষণ কর্মশালা

গুৱাহাটী, ২৩ আগষ্ট ২০২৫

বিদ্যাভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া নিৰ্বাচিত যোগাসন খেলুৱৈ দলটোৰ বাবে ২১, ২২ আৰু ২৩ আগষ্ট ২০২৫ তাৰিখে অসম প্ৰকাশন ভাৰতীৰ কাৰ্যালয়ত এটি তিনিদিনীয়া বিশেষ প্ৰশিক্ষণ কর্মশালা অনুষ্ঠিত হয়।


উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন

কর্মশালাখন শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক শ্রীযুত জগন্নাথ ৰাজবংশী দেৱে বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে।
উদ্বোধনী অনুষ্ঠানত সমলব্যক্তি হিচাপে উপস্থিত আছিল আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাৰ ব্ৰঞ্জ পদক বিজেতা তথা NYSF প্ৰশিক্ষক শ্রীযুত কৌশিক দাস দেৱ


খেলুৱৈসকলক শুভেচ্ছা আৰু আশীৰ্বাদ

প্ৰশিক্ষণ শিবিৰত খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰে পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী শ্রীযুত পৱন তিৱাৰী দেৱে
তদুপৰি, খেলুৱৈসকলক আশীৰ্বাদ প্ৰদান কৰে শিশু শিক্ষা সমিতি, অসমৰ সন্মানীয় সম্পাদক শ্রীযুত জগন্নাথ ৰাজবংশী দেৱে


অংশগ্ৰহণকাৰী আৰু আমন্ত্ৰিত প্ৰশিক্ষক

এই প্রশিক্ষণ কর্মশালাত উত্তৰ অসম আৰু দক্ষিণ অসম প্ৰান্তৰ ১৩ গৰাকী ছাত্ৰ, ১৬ গৰাকী ছাত্ৰী, ৪ গৰাকী তত্ত্বাৱধায়ক আচাৰ্য, ২ গৰাকী তত্ত্বাৱধায়ক আচাৰ্যা আৰু ৩ গৰাকী প্ৰান্তীয় কার্যকর্তাসহ মুঠ ৩৮ গৰাকী অংশগ্ৰহণ কৰে

আমন্ত্ৰিত প্ৰশিক্ষকসকল হ’ল –

  • শ্রীযুত কৌশিক দাস (গুৱাহাটী)
  • শ্রীযুত বাপ্পন দেৱ (আচার্য, ৰাষ্ট্ৰীয় প্ৰশিক্ষক বিদ্যাভাৰতী)
  • শ্রীযুত মুনীন্দ্র নেওগ (প্ৰশিক্ষক তথা মুখ্য কাৰিকৰী সঞ্চালক, সদৌ অসম যোগাসন ক্ৰীড়া সন্থা)

আয়োজন আৰু মাৰ্গদৰ্শন

  • কর্মশালাত মাৰ্গদৰ্শন কৰে ড০ পৱন তিৱাৰী (সংগঠন মন্ত্ৰী, বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰ)।
  • মুখ্য সঞ্চালক: শ্রীযুত পবিত্র গগৈ (প্ৰান্তীয় খেল প্ৰমুখ)।
  • সহ সঞ্চালক: শ্রীযুত ভার্গৱজ্যোতি গগৈ (প্ৰান্তীয় সহ খেল প্ৰমুখ)।
  • প্ৰান্তীয় যোগাসন সংযোজক: শ্রীযুত সঞ্জীৱ দাস
  • ৰাষ্ট্ৰীয় নিৰ্ণায়ক: শ্রীযুত পংকজ মহন্ত
AssamVidya Bharati Purvottar KshetraYog Shikshaঅসমীয়া