ত্যাগ আৰু সমৰ্পণৰ দ্বাৰাহে এটা জাতি গঢ় লৈ উঠে

জ্যেষ্ঠ প্ৰচাৰক তথা বিদ্যা ভাৰতীৰ কাৰ্যকৰ্তা যোগেন্দ্ৰ সিং ছিছ’দিয়াৰ ৭৫ সংখ্যক জন্মদিন উদযাপন

অসম প্ৰকাশন ভাৰতীৰ সভাগৃহত বিদ্যা ভাৰতীৰ জ্যেষ্ঠ কাৰ্যকৰ্তা তথা প্ৰচাৰক যোগেন্দ্ৰ সিং ছিছ’দিয়াৰ ৭৫ সংখ্যক জন্মদিন উদযাপন কৰা হয়। গুৱাহাটীৰ কৃষ্ণচন্দ্ৰ গান্ধী ফাউণ্ডেচনৰ উদ্যোগত উক্ত কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল।

১৯৪৯ চনৰ আজিৰ দিনটোতে ৰাজস্থানত যোগেন্দ্ৰ সিং ছিছ’দিয়াৰ জন্ম হৈছিল। ভূগোল বিষয়ত এম এ আৰু বি এড ডিগ্ৰী লাভ কৰাৰ পিছত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংস্পৰ্শলৈ আহি সংঘৰ প্ৰচাৰকৰূপে ৰাষ্ট্ৰসেৱাৰ ব্ৰত লয়। ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাত ১৯ মাহৰ কাৰাদণ্ডৰ সন্মুখীন হ’বলগীয়া হয়। কেইবছৰমান পিছত ১৯৮৮ চনত লক্ষ্মনগড়ত অৱস্থিত বিদ্যা ভাৰতী বিদ্যালয়ৰ অধ্যক্ষ হয় আৰু ২০০০ চনৰ পৰা ২০০৭ চনলৈ বিদ্যা ভাৰতী জয়পুৰ প্ৰান্তৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেখেতে ২০০৭ চনত অসমলৈ আহি ২০০৮ চনৰ পৰা ২০২৩ চনলৈ বিদ্যা ভাৰতী দক্ষিণ অসম প্ৰান্তৰ সংগঠন মন্ত্ৰীৰ দায়িত্ব পালন কৰে। এই সময়ছোৱাত ডিমা হাছাও জিলাৰ জনজাতীয় সমাজৰ উত্থানৰ বাবে বহু প্ৰকল্পক মূৰ্ত ৰূপ দিয়াত আগভাগ লয়। তেখেতৰ প্ৰেৰণাতে জনজাতীয় সমাজৰ বহু যুৱক-যুৱতী আগবাঢ়ি আহি ৰাষ্ট্ৰ সেৱাৰ এই মহৎ কামত নিয়োজিত হৈছে।

ডিমা হাচাওৰ জনজাতীয় সমাজৰ উত্থানৰ বাবে উৎসৰ্গিত স্বৰ্গীয় কৃষ্ণচন্দ্ৰ গান্ধীৰ স্মৃতিত ২০২০ চনত গুৱাহাটীৰ কৃষ্ণচন্দ্ৰ গান্ধী ফাউণ্ডেচনৰ গঠন কৰা হৈছিল। এই ফাউণ্ডেচনৰ উদ্যোগত আয়োজিত আজিৰ  অনুষ্ঠানত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ড° পৱন তিৱাৰী, উত্তৰ অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী নীৰৱ ঘেলানী, শিশু শিক্ষা সমিতি, অসমৰ সভাপতি কুলেন্দ্ৰ কুমাৰ ভাগৱতী, অসম প্ৰকাশন ভাৰতীৰ সভাপতি ড° বিবেকানন্দ শৰ্মা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰান্ত প্ৰচাৰক নৃপেন বৰ্মন, কৃষ্ণচন্দ্ৰ গান্ধী ফাউণ্ডেশ্যনৰ সভাপতি ডাঃ দীপজ্যোতি ৰাজখোৱা, সুদূৰ ৰাজস্থানৰ পৰা অহা তেখেতৰ ভাতৃ প্ৰেম সিং আৰু ভাই বোৱাৰী কিৰণ বালা, বিদ্যা ভাৰতীৰ কাৰ্যকৰ্তা আদি উপস্থিত থাকি যোগেন্দ্ৰ জীৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰে। এই উপলক্ষে যোগেন্দ্ৰ জীৰ জীৱন সম্পৰ্কীয় এখন পুস্তিকাও উন্মোচন কৰা হয়। বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ কাৰ্যালয় সম্পাদক লালজী সোণাৰীয়ে পৰিচালনা কৰা এই কাৰ্যসূচীত ধন্যবাদ জ্ঞাপন কৰে কৃষ্ণচন্দ্ৰ গান্ধী ফাউণ্ডেশ্যনৰ সম্পাদক সমীৰণ ডেকাই।

Scroll to Top