শিশু শিক্ষা সমিতি অসমৰ বাৰ্ষিক সভা নলবাৰীত আয়োজন

বিদ্যা ভাৰতীৰ সৈতে সম্পৃক্ত শিশু শিক্ষা সমিতি, অসমৰ বাৰ্ষিক সভাখন ৰবিবাৰ, ১৫ জুন, ২০২৫ তাৰিখে শংকৰদেৱ শিশু নিকেতন আৰু দেবেন্দ্ৰ-চন্দ্ৰপ্ৰভা বিদ্যা নিকেতন, নলবাৰী অডিট’ৰিয়ামত আয়োজন কৰা হয়।

মাতৃভাষাত শিক্ষা প্ৰদান কৰি অসমৰ শিক্ষাক্ষেত্ৰত এটা নবজাগৰণ সৃষ্টি কৰাত শিশু শিক্ষা সমিতি অসম সক্ষম হৈছে। ইয়াৰ সাক্ষী হৈছে ৰাজ্য জুৰি প্ৰতিষ্ঠিত ৫২৯টা শংকৰদেৱ শিশু বিদ্যা নিকেতন। সভাৰ আৰম্ভণি নলবাৰীত পুৱা ১০:৩০ বজাত দীপ প্ৰজ্বলন অনুষ্ঠানৰ সৈতে হয়। সভাৰ অধ্যক্ষতা কৰে শিশু শিক্ষা সমিতি অসমৰ সভাপতি কুলেন্দ্ৰ কুমাৰ ভগৱতীয়ে। সমিতিৰ মহাসচিব জগন্নাথ ৰাজবংশীয়ে পূৰ্ববৰ্ষৰ প্ৰস্তাৱ আৰু প্ৰতিবেদন দাখিল কৰে।

এই সভাত অসম ৰাজ্য স্কুল শিক্ষা পৰিষদৰ সভাপতি ৰমেশ চন্দ জৈন উপস্থিত থাকে। শিশু শিক্ষা সমিতি অসমৰ মুখ্য উপদেষ্টা তথা বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ডঃ পৱন তিৱৰীয়ে শিক্ষাৰ গুণগত মান আৰু প্ৰশাসনিক দিশ মজবুত কৰাৰ পৰামৰ্শ দিয়ে। সভাত অহা বছৰৰ বাবে নানা পৰিকল্পনা আৰু প্ৰস্তাৱ আলোচনা কৰা হয়।

সভাত শান্তিৰাম ঠাকুৰীয়া, ভবেন তালুকদাৰ, কবীৰাম বর্মন, যোগেশ চন্দ্ৰ নাথ আৰু ৰজনী শর্মাক শিশু শিক্ষা সমিতি আৰু শিক্ষাৰ প্ৰচাৰ-প্ৰসাৰত তেওঁলোকৰ বিশেষ সেৱাৰ বাবে সন্মানিত কৰা হয়।

বাৰ্ষিক সভাত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সচিব ডঃ জগদীন্দ্ৰ ৰায়চৌধুৰী, প্ৰাগ্জ্যোতিষ্পুৰ বিশ্ববিদ্যালয়ৰ কুলসচিব প্ৰফেছৰ যোগেশ কাকতি, শিশু শিক্ষা সমিতি অসমৰ উপ-সভাপতি অনিমা শর্মা, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ জ্যেষ্ঠ সদস্য যোগেন্দ্ৰ সিংহ চিছোদিয়া আদি অংশগ্ৰহণ কৰি মূল্যবান পৰামৰ্শ আগবঢ়ায়।

প্ৰধান অতিথি ৰমেশ চন্দ জৈনে মাতৃভাষা মাধ্যমত চলা শিক্ষানুষ্ঠানসমূহৰ গুণগত মান উন্নত কৰাৰ বাবে প্ৰয়োজনীয় কাম-কাজ আৰু শিক্ষকৰ দায়িত্বৰ ওপৰত বিস্তৃত আলোচনা কৰে। তেওঁ জোৰ দিয়ে যে পাঠ্যপুথি কেৱল শিক্ষকৰ বাবে হব লাগে, শিক্ষাৰ্থীৰ বাবে নহয়।

দ্বিতীয় অধিবেশনত PPTৰ সহায়ত কেন্দ্ৰীয় আৰু ভিত্তিমূলক বিষয়সমূহৰ ওপৰত বিভিন্ন প্ৰবন্ধ পেশ কৰা হয়। শিশু শিক্ষা সমিতি অসমৰ আয়-ব্যয় আৰু অহা বছৰৰ বাজেট ৰাহুল ত্ৰিপাঠীয়ে দাখিল কৰে।

সংস্কৃতি বোধ পৰিয়োজনা অন্য চৰকাৰী আৰু বেসৰকাৰী প্ৰতিষ্ঠানলৈ পোহৰাই লোৱাৰ বিশেষ অবদানৰ বাবে মাকুম নিকেতনৰ অধ্যক্ষ মোহন চেত্ৰীক সন্মানিত কৰা হয়।

সমাপনী অধিবেশনত ডঃ পৱন তিৱৰীয়ে “হোজাই বিভাগ” নামৰ এটা নতুন বিভাগৰ গঠন ঘোষণা কৰে। তেওঁ কয় — “আমাক আমাৰ জিলা কেন্দ্ৰবোৰক অধিক শক্তিশালী বনাব লাগিব। শিক্ষা ক্ষেত্ৰত আগবঢ়াবৰ বাবে শিশু ৱাটিকাক অধিক কার্যকৰী বনাব লাগিব।” সভাটোৰ সমাপ্তি কৰে জোৰহাট বিভাগের বিভাগ নিৰীক্ষক দিগন্ত অধ্যাপকৰ ধন্যবাদ জ্ঞাপনৰ সৈতে।

Related Posts

पूर्वोत्तर शिक्षा सम्मेलन 2.0 और प्रागज्योतिषपुर विश्वविद्यालय स्थापना दिवस गुवाहाटी में होगा आयोजित

विद्या भारती के शैक्षिक आदर्शों से प्रेरित भारतीय मूल्यों पर आधारित शिक्षा के आठ दशकों से अधिक अनुभव से समृद्ध तथा महापुरुष श्रीमंत शंकरदेव की शिक्षाओं द्वारा मार्गदर्शित, असम में…

राष्ट्रीय ताइक्वांडो प्रतियोगिता में पूर्वोत्तर क्षेत्र की शानदार सफलता

झारखंड के रांची में 11 से 15 सितम्बर 2025 तक आयोजित विद्या भारती की 36वीं राष्ट्रीय ताइक्वांडो प्रतियोगिता में पूर्वोत्तर क्षेत्र के प्रतिभागियों ने अपने दमदार प्रदर्शन से सबका ध्यान…

You Missed

पूर्वोत्तर शिक्षा सम्मेलन 2.0 और प्रागज्योतिषपुर विश्वविद्यालय स्थापना दिवस गुवाहाटी में होगा आयोजित

पूर्वोत्तर शिक्षा सम्मेलन 2.0 और प्रागज्योतिषपुर विश्वविद्यालय स्थापना दिवस गुवाहाटी में होगा आयोजित

Sapta Shakti Sangam organized at Donyi Polo Vidya Niketan, Pasighat

Sapta Shakti Sangam organized at Donyi Polo Vidya Niketan, Pasighat

राष्ट्रीय ताइक्वांडो प्रतियोगिता में पूर्वोत्तर क्षेत्र की शानदार सफलता

राष्ट्रीय ताइक्वांडो प्रतियोगिता में पूर्वोत्तर क्षेत्र की शानदार सफलता

প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ ২০২৫ : ১৪ নৱেম্বৰৰ পৰা কলাক্ষেত্ৰ প্ৰাংগনত সাহিত্যৰ মহামেলা

প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ ২০২৫ : ১৪ নৱেম্বৰৰ পৰা কলাক্ষেত্ৰ প্ৰাংগনত সাহিত্যৰ মহামেলা

सरस्वती शिशु मन्दिर से निकले छात्र समाज का नेतृत्व कर रहे : मुख्यमंत्री योगी आदित्यनाथ

सरस्वती शिशु मन्दिर से निकले छात्र समाज का नेतृत्व कर रहे : मुख्यमंत्री योगी आदित्यनाथ

काजीरंगा में गणित मेला सम्पन्न

काजीरंगा में गणित मेला सम्पन्न