Assamese News Paper North Assam

শংকৰদেৱ শিশু নিকেতন বৰগাংৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

২০০১ চনৰ ২ ‌ফেব্ৰুৱাৰী তাৰিখে বৰগাং অঞ্চলত স্থাপিত হোৱা শংকৰদেৱ শিশু নিকেতনৰ আজি ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্টুপীয়াকৈ পালন কৰা হয়।

এই অনুষ্ঠানটিৰ আৰম্ভণিতে প্ৰতিষ্ঠাপক সভাপতি হিচাপে বৰ্তমানৰ কেবিনেট মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই কাৰ্যনিৰ্বাহ কৰাৰ লগতে সম্পাদকৰ আসন অলংকৃত কৰিছিল বৰগাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মধুসূদন উপাধ্যায়ে।

এই দিৱসটিত উপস্থিত থাকে প্ৰতিষ্ঠাপক সভাপতি বাবুল বসাক, প্ৰতিষ্ঠাপক সম্পাদক মধুসূদন উপাধ্যায়, বৰ্তমানৰ সম্পাদক ৰঞ্জন মিশ্ৰ, জেষ্ঠ তথা প্ৰাক্তন আচাৰ্য যাদব দত্তকে ধৰি পৰিচালনা সমিতিৰ সদস্য সদস্যা সকল।

দীপ প্ৰজ্বলন কৰে নিকেতনৰ প্ৰধান আচাৰ্যাই। কাৰ্যসূচী অনুসৰি সমবেত সংগীত পৰিবেশন কৰে ছাত্ৰ-ছাত্ৰীয়ে। দীক্ষিতা নেওগ আৰু কাত্যায়নী দেৱীয়ে নৃত্য পৰিৱেশনেৰে অনুষ্ঠানটি মুখৰিত কৰি তোলে। কবিতা আবৃত্তি কৰে ঋতুস্মিতা ভৰদ্বাজে। শেষত ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠানটি সমাপন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *