গুৱাহাটী: ৫ ফেব্ৰুৱাৰী ২০২১ :
শুক্ৰবাৰে গুৱাহাটীৰ অম্বিকাগিৰী নগৰ স্থিত শংকৰদেৱ শিশু কুঞ্জত শিশু বাটিকাৰ উত্তৰ অসম প্ৰান্তৰ এখনি টোলী বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্ৰান্তৰ আঠোটা বিভাগৰ বিভাগ প্ৰমুখসকলৰ লগতে নাগালেণ্ডৰ পৰা দুগৰাকী উপস্থিত থাকে।
এক মাংগলিক পৰিবেশত আৰম্ভ হোৱা বৈঠকত বন্তি প্ৰজ্বলন কৰে বিদ্যা ভাৰতী পূবোৰ্ত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ব্ৰহ্মাজী ৰাৱে৷ বৈঠকখনিৰ আঁত ধৰি আগুৱাই নিয়ে উত্তৰ অসম প্ৰান্তৰ শিশু বাটিকাৰ সংযোজিতা বৰ্ণালী দেৱীয়ে৷ উদ্বোধনী ভাষণত ব্ৰহ্মাজী ৰাৱে কয় যে সময় পালনৰ ওপৰত সদায় গুৰুত্ব দিব লাগে আৰু বিদ্যা ভাৰতীৰ শিক্ষাই শিশুৰ সৰ্বাংগীন বিকাশ সাধন কৰে কেৱল নম্বৰ পোৱা টো ভাৰতীয় দৰ্শন নহয় শৰীৰ, মন, বুদ্ধি, আত্মা সকলো বিষয় সমানে গুৰুত্ব লাভ কৰিব লাগে৷
প্ৰথম সত্ৰৰ সামৰণি ভাষণত শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে কয় যে শিশু বাটিকাক উপযুক্ত ভাৱে আগুৱাই নিলেহে সমাজৰ উন্নতি সাধন হ’ব৷ আগন্তুক বৰ্ষৰ যোজনা আৰু কৰণীয় বিন্দুৰ সম্পৰ্কে আলোচনা কৰে ক্ষেত্ৰীয় শিশু বাটিকা প্ৰমুখ আনন্দ সূত্ৰধৰে৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আৰু শিশু বাটিকাৰ কৰণীয়ৰ ওপৰত মাৰ্গ দৰ্শন কৰে বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় সহ সংগঠন মন্ত্ৰী গোবিন্দ মহন্তই৷
বৈঠকত উচ্চ মাধ্যমিক বিদ্যালয় উপ সমিতিৰ সম্পাদক বশিষ্ট ৰাম ডেকা, উত্তৰ পূবোৰ্ত্তৰ ক্ষেত্ৰৰ সহ সংগঠন মন্ত্ৰী ড° পৱন তিৱাৰী, পূবোৰ্ত্তৰ ক্ষেত্ৰৰ সহ সম্পাদক চাঞ্চী ৰাম পায়েঙো উপস্থিত থাকে৷সামৰণি অনুষ্ঠানত বৰ্ণালী দেৱীৰ দ্বাৰা শলাগৰ শৰাই আগবঢ়োৱাৰ পাছত কল্যাণ মন্ত্ৰৰে কৰ্মশালাৰ সমাপন কৰা হয়৷