Assamese News Paper North Assam

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সম্পৰ্কে আলোচনাচক্ৰ অনুষ্ঠিত

ভাৰতৰ শিক্ষা ব্যৱস্থাত সুদীৰ্ঘ ৩৬ বছৰৰ পাছত কেন্দ্ৰীয় চৰকাৰে পৰিৱৰ্তন আৰু সংস্কাৰ সাধন কৰাৰ উদ্দেশ্যে পৰামৰ্শ স্বৰূপে যি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ গৃহীত কৰিছে, তাক লৈ সমগ্ৰ দেশতে উৎকণ্ঠাই বিৰাজ কৰিছে। বিদ্যা ভাৰতী এই নতুন নীতিক লৈ যথেষ্ট আশাবাদী। কাৰণ এই নীতি হৈছে ভাৰতকেন্দ্ৰিক শিক্ষাৰ আধাৰ স্বৰূপ, বৃত্তিমূখী শিক্ষাৰ বাটকটীয়া আৰু সময়সাপেক্ষ কেতবোৰ যুগান্তকাৰী পৰিৱৰ্তনৰ দস্তাৱেজ। এই নীতিত প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিক স্তৰৰ শিশুসকলৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।

অসম চৰকাৰে এই নতুন শিক্ষা নীতিৰ বলবৎ কৰণৰ বাবে গঠন কৰা টাস্কফ’ৰ্চৰ লগত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সভাপতি ড° জয়কান্ত শৰ্মাৰ সভাপতিত্বত আৰু বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় সহ সংগঠন মন্ত্ৰী গোবিন্দ চন্দ্ৰ মহন্তৰ উপস্থিতিত যোৱা শুকুৰবাৰে বিদ্যা ভাৰতীৰ প্ৰকাশন বিভাগৰ ভৱনত এক বৈঠক অনুষ্ঠিত হয়।

সভাৰ উদ্দেশ্য ব্যাখ্য কৰে শিশু শিক্ষা সমিতিঅসম ৰ অন্তৰ্গত উচ্চ মাধ্যমিক বিদ্যালয় উপ সমিতিৰ সম্পাদক বশিষ্ঠ ৰাম ডেকাই। বৈঠকত শিশু শিক্ষা সমিতি, অসমে শিশু শিক্ষাৰ বাবে প্ৰস্তুত কৰা পাঠ্যক্ৰম আৰু ক্ৰিয়াকলাপ #শিশুবাটিকা ৰ এক চমু ভিডিঅ’ প্ৰদৰ্শন কৰা হয়। তাৰ পাছত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰৰ ডীন তথা টাস্কফ’ৰ্চৰ অন্যতম সদস্য ড° দিব্যজ্যোতি মহন্ত, ড° ৰবিন শৰ্মাকে আদি কৰি কেইবাগৰাকী সদস্যই নিজৰ নিজৰ বক্তব্য ডাঙি ধৰে।

গোবিন্দ চন্দ্ৰ মহন্তই তেখেতৰ বক্তব্যত শিশু শিক্ষাৰ ক্ষেত্ৰত বিদ্যা ভাৰতীৰ দীৰ্ঘ দিনীয়া অভিজ্ঞতা থকাৰ কথা উল্লেখ কৰি কয় যে বিদ্যা ভাৰতীৰ পদ্ধতি হৈছে সম্পূৰ্ণ ভাৰতীয়। ভাৰতৰ মাটিত স্বদেশী পদ্ধতিহে উপযুক্ত। গতিকে চৰকাৰে যথাশীঘ্ৰে এই পদ্ধতিক আঁকোৱালি লৈ পাঠ্যক্ৰম তৈয়াৰ কৰাটো সমীচীন হ’ব। সভাপতিৰ মন্তব্যত ড° জয়কান্ত শৰ্মাই বিশ্বগুৰু তথা আত্মনিৰ্ভৰ ভাৰতৰ গঢ়াৰ দিশত নতুন শিক্ষা নীতি পথপ্ৰদৰ্শক হব বুলি আশা প্ৰকাশ কৰে।

বৈঠকত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ব্ৰহ্মাজী ৰাও, সহ সংগঠন মন্ত্ৰী ড° পৱন তিৱাৰী, শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *