Assamese News Paper North Assam

নৱ নিৰ্মিত বিদ্যালয় ভৱনৰ উদ্বোধন

শংকৰদেৱ শিশু নিকেতন গণকপুখুৰীৰ চৰকাৰৰ অনুদানেৰে নিৰ্মিত ভৱনটি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই শুভ উদ্বোধন কৰে। নিকেতনখনৰ জৰিয়তে গণকপুখুৰী অঞ্চলত শিক্ষাৰ প্ৰচাৰ-প্ৰসাৰত আত্মনিয়োগ কৰি থকা প্ৰধান আচাৰ্য সমন্বিত অন্যান্য আচাৰ্য-আচাৰ্যা সকলৰ শলাগ লয়।

বিধায়ক শ্ৰী শইকীয়া নিকেতনখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰো বুজ লয় আৰু নিকেতনৰ চৌহদত খেলাৰ সুবিধাৰ্থে মাটি পেলোৱাকে আদি কৰি চৌহদৰ পকী বেৰ, চাইকেল ষ্টেণ্ড, গ্ৰন্থাগাৰ, লেব’ৰেটৰী নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ডেস্ক-বেঞ্চ, শ্ৰেণীকোঠাসমূহৰ বাবে বিজুলী পাংখা আদি প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে।

উক্ত অনুষ্ঠানত পৰিচালনা সমিতিৰ সভাপতি নবীন ৰাজখোৱা, সম্পাদক ৰমেশ শৰ্মাক ধৰি ভালেকেইগৰাকী বিশিষ্ট লোকো উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *