Assamese News Paper Health North Assam

কোৰোণাৰ আতংক : ২৯ মাৰ্চলৈ বন্ধ থাকিব অসমৰ সকলো শংকৰদেৱ শিশু–বিদ্যা নিকেতন

কোৰোণাৰ আতংক : ২৯ মাৰ্চলৈ বন্ধ থাকিব অসমৰ সকলো শংকৰদেৱ শিশু–বিদ্যা নিকেতন

সমগ্ৰ বিশ্বজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰা কোৰোণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে সাৱধানতা অৱলম্বনৰ উদ্দেশ্যে শংকৰদেৱ শিশু/বিদ্যা নিকেতনসমূহ ১৫ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈকে বন্ধ ঘোষণা কৰিছে। আনহাতে, একে কাৰণতে বিশ্বনাথ চাৰিআলিস্থিত শংকৰদেৱ শিশু/বিদ্যা নিকেতনত ১৮ৰ পৰা ২২ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া ৩২সংখ্যক পণ্ডিত ৰজনীকান্ত দেৱশৰ্মা সোঁৱৰণী প্ৰান্তীয় ক্ৰীড়া সমাৰোহখনিও অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে।

ক্ৰীড়া সমাৰোহৰ তাৰিখ পৰৱৰ্তী সময়ত জনোৱা হ’ব বুলি শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে জানিবলৈ দিয়ে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ জাননী শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত প্ৰতিখন নিকেতনলৈ প্ৰেৰণ কৰি কাৰ্যকৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Source : News18Assam