Assamese News Paper North Assam

শংকৰদেৱ শিশু নিকেতন বৰপেটাত ৰাষ্ট্ৰীয় মানৱ সৰবৰাহ সজাগতা দিৱস পালন

উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ বেচৰকাৰী সংস্থা এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত বৰপেটা চহৰৰ মাজমজিয়াত অৱস্থিত শংকৰদেৱ শিশু নিকেতনত ৰাষ্ট্ৰীয় মানৱ সৰবৰাহ সজাগতা দিৱস পালন কৰা হয়। এছিয়ানৰ সম্পাদক দিপাংকৰ দাসে আঁত ধৰা সজাগতা সভাত সভাপতিত্ব কৰে শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য্য জ্যোতিপ্ৰসাদ পূজাৰীয়ে।

এশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা সভাখনিত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় এছিয়ান মিছনৰ পৰিচালন সঞ্চালক ডাঃ আব্দুল কদ্দুছ শিকদাৰে। ভাষণ প্ৰসংগত ডাঃ শিকদাৰে উল্লেখ কৰে যে যিটো সময়ত মানুহ জীৱশ্ৰেষ্ঠ বুলি দাবী কৰি আহিছে সেই সময়ত আকৌ মানুহেই মানৱতা সেৰুৱাই মানুহক সামগ্ৰীৰ দৰে সৰবৰাহ কৰা কাৰ্য্যত লিপ্ত হৈ আছে। এই ক্ষেত্ৰত তেখেতে কণ কণ লৰা ছোৱালী সকলক উদ্দেশ্যি বিভিন্ন সজাগতামূলক পৰামৰ্শ আগবঢ়ায়।

আজিৰ এই অনুষ্ঠানত শিশু নিকেতনৰ আচাৰ্য্য , আচাৰ্য্যা সকলেও উপস্থিত থাকি শোভা বৰ্ধন কৰে । সভাপতিৰ ভাষণৰ পিছত এছিয়ানৰ উপ সভানেত্ৰী বৰসা পাঠকে শলাগৰ শৰাই আগবঢ়ায়। 

Leave a Reply

Your email address will not be published. Required fields are marked *