Assamese News Paper North Assam

শিশু শিক্ষা সমিতি, অসমত সংযোজিত হ’ল E-Learning ব্যৱস্থা

বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহে ১৯৭৯ চনৰে পৰা অসমত মাতৃভাষাৰ মাধ্যমেৰে গুণগত শিক্ষা প্ৰদান কৰাৰ জৰিয়তে অসমৰ জনমানসত এক বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে। সমিতিৰ অন্তৰ্গত বৰ্তমান ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাসমূহ আৰু কাৰ্বি পাহাৰৰ জিলাসমূহত মুঠ ৫৫৬ খন বিদ্যালয়ত ডেৰ লক্ষাধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আহিছে।

পৰিৱৰ্তিত পৰিস্থিতিৰ অনুকূল হোৱাকৈ আৰু আধুনিক তথ্য প্ৰযুক্তিৰ প্ৰয়োগেৰে শিক্ষাদান কৰাৰ উদ্দেশ্যে এক E-Learning প্ৰশিক্ষণৰ গুৱাহাটীস্থিত অসম প্ৰকাশন ভাৰতীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। শিশু শিক্ষা সমিতি অসমৰ সংগঠন মন্ত্ৰী হেমন্ত ধিং মজুমদাৰৰ উপস্থিতত গুৱাহাটী সংকুলৰ অন্তৰ্গত পাঁচখন নিকেতনৰ মুঠ ২০ গৰাকী আচাৰ্য-আচাৰ্যাক লৈ E-Learning ৰ মাষ্টাৰ ট্ৰেইনিং দিনৰ ১১ বজাত অনুষ্ঠিত হয়। প্ৰশিক্ষক হিচাপে মেঘালয়ৰ University of Science and Technology ৰ Director অনুৰাগ ৰুদ্ৰই উপস্থিত আচাৰ্য-আচাৰ্যাসকলক E-Learning ৰ সাম্প্ৰতিক স্থিতি আৰু বিদ্যা ভাৰতীৰ নিকেতনসমূহত প্ৰয়োগ কৰিবলৈ ওলোৱা কিছুমান বিশেষ এপ্লিকেচনৰ ব্যৱহাৰ বিধিৰ ওপৰত দৃশ্য-শ্ৰাৱ্য মাধ্যমেৰে আলোকপাত কৰে।

প্ৰশিক্ষণৰ সামৰণি সত্ৰত হেমন্ত ধিং মজুমদাৰে আজিৰ প্ৰশিক্ষণৰ যোগেদি প্ৰশিক্ষিত আচাৰ্য-আচাৰ্যাসকলে অনাগত সময়ত নিজৰ লগতে অন্য নিকেতনসমূহৰ আচাৰ্য-আচাৰ্যাসকলক প্ৰশিক্ষিত কৰি প্ৰক্ৰিয়াটো আগুৱাই নিব বুলি আশা প্ৰকাশ কৰে। লগতে লক্ ডাউনৰ সামাজিক দূৰত্ব বজাই ৰাখি প্ৰশিক্ষণত ভাগ লোৱা বাবে সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। উক্ত প্ৰশিক্ষণত আচাৰ্য-আচাৰ্যাসকলৰ উপৰি গুৱাহাটী বিভাগ নিৰীক্ষক দ্বয় আশুতোষ বৰ্মন, চন্দ্ৰকান্ত দাসকে প্ৰমুখ্যকৰি কেইবাগৰাকী কার্যকর্তাও উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *