Assamese News Paper North Assam

सुसंस्कार, सुशिक्षा, सुनागरिक बनाने में विद्या भारती के विद्यालयों की महत्वपूर्ण भूमिका – शिक्षा मंत्री श्री हिमंत विश्वशर्मा

শিশু শিক্ষা সমিতি, অসমৰ উদ্যোগত গুৱাহাটীৰ চন্দ্ৰপুৰ হাজোবড়ীত থকা বিদ্যা ভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সম্পৰ্কে এক আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৩ বছৰৰ পৰা ৬ বছৰৰ অনুৰ্ধৰ শিশুসকলৰ সৰ্বাঙ্গীন বিকাশৰ বাবে বিদ্যা ভাৰতীয়ে প্ৰৱৰ্তন কৰা শিশু বাটিকা পাঠ্যক্ৰমৰ এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছিল। পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা কার্যসূচীত অসম চৰকাৰৰ মাননীয় শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই প্ৰদৰ্শনীৰ উদ্বোধন কৰি শিশু বাটিকাৰ সমগ্ৰ গতি বিধিৰ আলোকন কৰে। তাৰ পাছত কৰ্মশালাৰ আৰম্ভণি হয়।

আদৰণি তথা সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে শিশু শিক্ষা সমিতি অসমৰ হাইস্কুল উপ সমিতিৰ সম্পাদক বশিষ্ঠৰাম ডেকাই প্ৰাস্তৱিক ভাষণ আগবঢ়ায়।

ইয়াৰ পাছত অসম প্ৰশাসনিক সেৱা পৰীক্ষাত (APSC) কৃতকাৰ্যতা অৰ্জন কৰা শংকৰদেৱ শিশু/ বিদ্যা নিকেতনৰ প্ৰাক্তন ছাত্ৰী নিমাশ্ৰী ডাউকা আৰু সংগীতা বৰুৱা তথা সমিতিৰ কাৰ্যকৰী পৰিষদৰ সদস্য অনুৰাগ ৰুদ্ৰক সমিতিৰ তৰফৰ পৰা শিক্ষা মন্ত্ৰীয়ে সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানটো আঁত ধৰে অৰূপ বুজৰবৰুৱাই।

অসমৰ শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ বক্তব্যত শিশু শিক্ষা সমিতিৰ নিৰলস প্ৰচেষ্টাৰ শলাগ লৈ কয় যে সমিতিয়ে স্থাপন কৰা নিকেতনসমূহে সুসংস্কাৰ আৰু সুশিক্ষাৰ জৰিয়তে দেশৰ সুনাগৰিক নির্মাণ কৰিছে।লগতে তেখেতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু ইয়াৰ অন্যান্য ভাতৃ সংগঠন সমূহৰ ত্যাগ আৰু কষ্টৰ ফলতে আজি অসমৰ আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যত থকা হিন্দু সকলে নিজকে হিন্দু বুলি কবলৈ সাহস কৰিব পাৰিছে বুলি মত প্ৰকাশ কৰে।তেখেতে কয় যে হিন্দু সমাজ হৈছে বিশ্বৰ আটাইতকৈ সহিষ্ণু সমাজ।এই সমাজ সকলোকে আঁকোৱালি লয়। কোনো হিন্দু ৰজা বা সম্ৰাটে গীৰ্জা বা মছজিদ ধ্বংস কৰাৰ উদাহৰণ ইতিহাসৰ পাতত পোৱা নাযায়। তেখেতে শিশু শিক্ষা সমিতিলৈ তিনিটা পৰামৰ্শ আগবঢ়ায় — ১) আন্ত গাঁথনি – নিকেতনসমূহৰ আন্তঃগাঁথনি উন্নয়ন কৰিব লাগে।২) নিকেতনৰ সংখ্যা বৃদ্ধি – অসমত মুঠ তেইছ হাজাৰ গাঁও আছে। প্ৰতিটো গাঁৱতে একোখনকৈ নিকেতন স্থাপন কৰাৰ পৰিকল্পনা কৰিব লাগে।৩) পুঁজি যোগাৰ (Corpus fund) – আচাৰ্য-আচাৰ্যা সকলৰ জীৱনৰ নিৰাপত্তাৰ খাতিৰত এক কৰপাছ ফাণ্ডৰ ব্যৱস্থা কৰিব লাগে।]

কৰ্মশালাৰ দ্বিতীয় সত্ৰত অসম চৰকাৰৰ শিক্ষা সচিব বি কল্যাণ চক্ৰৱৰ্তী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শ্ৰী চক্ৰৱৰ্তীও শিশু বাটিকাৰ প্ৰদৰ্শনী অৱলোকন কৰি সমগ্ৰ ব্যৱস্থাটোৰ বুজ লয়। পৰিচয় পৰ্ব আৰু আদৰণি অনুষ্ঠানৰ পাছতে তেখেতে অসম প্ৰশাসনিক সেৱা পৰীক্ষাত (APSC) কৃতকাৰ্যতা অৰ্জন কৰা শংকৰদেৱ শিশু/ বিদ্যা নিকেতনৰ প্ৰাক্তন ছাত্ৰী ৰাখীশ্রী লেখাৰুক সম্বৰ্ধনা জ্ঞাপন কৰে।

বিশ্ববিদ্যালয় অনুদান আয়োগৰ সদস্য তথা ডিব্ৰুগড় টেঙাখাত মহাবিদ্যালয়ৰ প্ৰৱক্তা ড° কিৰণ হাজৰিকাই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিশেষত্বসমূহ চমুকৈ দাঙি ধৰে।মুখ্য অতিথিৰ ভাষণত অসম চৰকাৰৰ শিক্ষা সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে ভাৰতৰ ঐতিহাসিক পটভূমিৰ পৰা আৰম্ভ কৰি ব্ৰিটিছ শাসন আৰু স্বৰাজোত্তৰ কালৰ শিক্ষা, সমাজ, অৰ্থনীতি আদিৰ বিষয়ে উল্লেখ কৰি বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি সম্পৰ্কে বিস্তৃত ব্যাখ্যা কৰি কয় যে এই নীতিয়ে পঢ়া-লিখাৰ লগতে খেল-ধেমালি, নৃত্য-গীত, নৈতিকতা, ব্যৱহাৰিক আৰু প্ৰায়োগিক জ্ঞান আদিৰ প্ৰতিও সমানে মনোযোগ দিয়াৰ কথা উল্লেখ কৰে।

কৰ্মশালাৰ তৃতীয় তথা অন্তিমটো সত্ৰত সকলো প্ৰধান আচাৰ্যৰ হৈ যোৰহাট গড়মূৰ নিকেতনৰ প্ৰধান আচাৰ্যা বৰ্ণালী বৰুৱা, অভয়াপুৰী নিকেতনৰ প্ৰধান আচাৰ্য আনন্দ সূত্ৰধৰ আৰু ৰঙিয়া নিকেতনৰ প্ৰধান আচাৰ্য দিলীপ লহকৰে নিজৰ অনুভৱ ব্যক্ত কৰে। মুখ্য অতিথি টি বিজয় কুমাৰে নিজৰ বক্তব্যত ভাৰত চৰকাৰক এনে এখন উন্নত মানৰ শিক্ষা নীতি দেশবাসীক উপহাৰ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। যিমান সোনকালে পাৰি এই নীতিক দেশৰ ভবিষ্যত প্ৰজন্মৰ বাবে বলবৎ কৰিব লাগে বুলি তেখেতে মত পোষণ কৰে।মুখ্য বক্তা হিচাপে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ প্ৰচাৰক উল্লাস কুলকাৰ্ণীয়ে ভাৰতীয় দৰ্শন শাস্ত্ৰ, সভ্যতা-সংস্কৃতি, শিক্ষা, বিজ্ঞান আদিৰ বিশ্বজনীন গ্ৰহণযোগ্যতাৰ কথা উল্লেখ কৰে।

বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ অন্তৰ্ভুক্ত শিশু শিক্ষা সমিতি, অসমে অসমত যি নীৰৱ আন্দোলন চলাই আহিছে তাক প্ৰশংসা কৰে। আমাৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অভিভাৱকৰ কথাতকৈ আচাৰ্যৰ কথা বেছি পালন কৰাৰ কথাও উল্লেখ কৰে। তেখেতে লগতে অযোধ্যাত নিৰ্মাণ হ’বলগীয়া ভব্য ৰাম মন্দিৰৰ বাবে প্ৰতিটো হিন্দু ঘৰৰ পৰা যাতে সহযোগ আহে সেই কামত সহযোগ কৰাৰ বাবে আচাৰ্যসকলক আহ্বান জনায়। আমাৰ নিকেতনসমূহৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত যি সফলতা অৰ্জন কৰিছে তাৰ বাবেও তেখেতে সন্তোষ প্ৰকাশ কৰাৰ লগতে এই সংখ্যা আৰু বৃদ্ধি হোৱাৰ কামনা কৰে।

শিশু শিক্ষা সমিতি অসমৰ প্ৰান্তীয় পৰীক্ষা প্ৰমুখ মহানন্দ দাসৰ পৰিচালনাত অনুষ্ঠিত হোৱা সত্ৰত সভাপতিৰ মন্তব্যত ড° নিৰ্মল বৰুৱাই সকলোকে প্ৰধান আচাৰ্য সকলক সমাজ জাগৰণৰ যুদ্ধৰ একোগৰাকী সেনাপতি বুলি অভিহিত কৰে।সমিতিৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে কার্যসূচীৰ সফল ৰূপায়নত সহযোগ কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *